সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য পাঠভিত্তিক প্রশ্নোত্তৰ | সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য SEBA Assamese Class 10 Question Answer
সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য পাঠভিত্তিক প্রশ্নোত্তৰ
১। সৌন্দৰ্য চৰ্চাৰ সংজ্ঞা লিখা :
উত্তৰ : নিজকে বাহিৰে ভিতৰে পৰিষ্কাৰ, পৰিপাটি আৰু দেখনিয়ৰ কৰি ৰাখিব পৰা গুণকে সৌন্দৰ্য চৰ্চা বোলে ।
২। সৌন্দৰ্য চৰ্চাৰ বিভাগসমূহ কি কি ?
উত্তৰ : সৌন্দৰ্য চৰ্চাৰ বিভাগসমূহ হ’ল : বিউটি চেলুন, হেয়াৰ চেলুন, পুষ্টি বিশেষজ্ঞ, জিম, ফিটনেছ, ৰেজুভেনেশ্বন কেন্দ্ৰ, যোগ কেন্দ্ৰ, অলটাৰনেটিভ থেৰাপী কেন্দ্র, বিভিন্ন প্রসাধন প্রস্তুত কেন্দ্র, সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য প্ৰশিক্ষণ কেন্দ্র, সৌন্দর্য চৰ্চা আৰু সুস্বাস্থ্যৰ মেডিয়া আদি ।
৩। সৌন্দৰ্য আৰু সুস্বাস্থ্য উদ্যোগ কেনে ধৰণৰ প্ৰতিষ্ঠান হ’ব পাৰে?
উত্তৰ : বিউটি চেলুন, পাৰ্লাৰ, হেয়াৰ চেলুন, ৰেজুভেনেশ্বন কেন্দ্ৰ, প্ৰসাধন প্রস্তুত কেন্দ্র, পুষ্ট বিশেষজ্ঞ আদি সৌন্দৰ্যৰ সৈতে পোনপতীয়াকৈ জড়িত উদ্যোগ আৰু জিম, ফিটনেছ যোগ কেন্দ্র, অলটারনেটিভ থেৰাপী কেন্দ্ৰ আদি হ’ল সুস্বাস্থ্য বিষয়ক উদ্যোগ বা প্রতিষ্ঠান।
৪। সৌন্দৰ্য চৰ্চাৰ এখনি ব্যক্তিগত তালিকা দিয়া
উত্তৰ : মই মুখমণ্ডলৰ ছালৰ পৰিচৰ্যাৰ বাবে পুৱা আৰু গধূলি মুখমণ্ডল ভালদৰে ধুই লওঁ। মাজে সময়ে ক্লিনজিং সিদ্ধ, লোচন হাতৰ তলুৱাত লৈ ছালত মালিচ কৰোঁ। পাছত কপাহ বা টিছু পেপাৰেৰে মচি পেলাওঁ।
প্রতিদিনে পুৱা আঠ-দহ টোপাল লোচন হাতত লৈ তলৰ পৰা ওপৰলৈ হাত ফুৰাই মুখ আৰু ডিঙিত সানো।
প্রতি সন্ধিয়া মুখ, ডিঙি, ডিঙিৰ পাছফালত লোচন বা ক্ৰীম লগাই মালিচ কৰো। সপ্তাহত এদিন ছালৰ উপযোগী মাজ বা ফেছপেক লগাওঁ।
৫। সৌন্দৰ্য চৰ্চা কেতিয়াৰ পৰা মানুহে কৰিবলৈ লৈছিল ?
উত্তৰ: মানুহে স্নান কৰিবলৈ আৰম্ভ কৰা, চুলিত ফুল গুজি লোৱা, নানা ৰঙৰ মাটিৰ প্ৰলেপ লগোৱা আদি কাৰ্যৰ পৰাই ক্ৰমান্বয়ে সৌন্দৰ্য চৰ্চাৰ প্ৰয়োগ সমাজত চলি আহিছে। পূৰাতত্ত্ববিদ সকলে প্রাচীন ভগ্নাৱশেষ আদিত এনে চৰ্চাৰ উমান পাইছে। সাধুকথা, গীত-মাত, কিম্বদন্তি আদিতো এই সৌন্দৰ্য চৰ্চাৰ উল্লেখ পোৱা যায়। গতিকে মানৱ জাতিৰ সভ্যতাৰ উন্মেষৰ লগে লগেই সৌন্দর্য চর্চাই সমাজত গজালি মেলে বুলি ক’ব পাৰি।
৬। পাঁচগৰাকী ব্যক্তিৰ সৌন্দৰ্য প্ৰসাধনৰ তালিকা এখন প্রস্তুত কৰা।
উত্তৰ : নিজে কৰা।
৭। ওচৰৰ চেলুন বা বিউটি পার্লাৰ এখনত গ্ৰাহকক কি কি সেৱা আগবঢ়াই তাৰে তালিক এখন প্ৰস্তুত কৰা।
উত্তৰ : বিউটি চেলুন, পাৰ্লাৰ এখনত ছাল চুলিৰ যত্ন লয়। বিভিন্ন থেৰাপী দিয়ে। বনৌষধি, আয়ুর্বেদ ৰাসায়নিক দ্ৰব্য আৰু থেৰাপীৰে মানুহৰ সৌন্দৰ্য আৰু সুস্বাস্থ্যৰ বাবে তথা স্বাস্থ্যবৰ্ধনৰ বাবে গ্ৰাহকক সহায় কৰে
৮। পাঁচটা সৌন্দৰ্য আৰু সুস্বাস্থ্যৰ কোম্পানীৰ নাম আৰু তেওঁলোকে উৎপাদন কৰা প্ৰসাধন বা পদাৰ্থসমূহৰ তালিকা তৈয়াৰ কৰা।
উত্তৰ : কোম্পানী – উৎপাদন
হিমালয় – ৰিভাইটেলাইজিং নাইট ক্রীম, ৰিচ ক’কোৱা বাটাৰ ব’ডি ক্রীম, এলয় এগু
ককুম্বাৰ বিফ্লেচিং বডি ক্রীম, এজবিফায়িং হেণ্ড ক্রীম, হোৱাইটনিং ডে ক্রীম, নাৰ্ছিং বডি লোচন, বিফ্লেচিং ক্লিনচিং মিল্ক, লিপ বাম, নাৰ্চিং স্ক্রীন ক্রীম।
লেকমে – আইকণিক কাজল, আই লাইনাৰ, ফেছ ৱাছ, ফাউণ্ডেছন, কম্পপেক্ট পাউডাৰ, পিচ মিল্ক ম ইমটাৰাইজাৰ ব’ডি লোচন, এবচলুট পাৰফেক্ট পেডিয়ালছ, স্ক্রীন ব্রাইটেনিং ক্রীম, চিষ্ট ডে ক্রীম।
নিভেয়া – বডি লোচন, ফেছ ৱাছ, ছফট লাইট মইশ্বাৰিং ক্রীম, লিপ বাম মইশ্বাটাৰাইজাৰ, প্ৰইমাৰ, ফাউণ্ডেশ্বন, কনক্লিয়াৰ, কনটিউব, কম্পপেক্ট পাউডাৰ, হাইলাইটাৰ, লাজাব, ব্ৰ’নজাৰ, মাইছেড়ো, আই লাইনাৰ, কাজল, আইৱ’ মাছকেয়াৰ, লিপ লাইনাৰ লিপষ্টিক, চেটিং স্প্রে।
ডাৱৰ – ডাবৰ আমলা, ডাৱৰ বেৰী ছুপাৰ পেষ্টৱাছ, ডাৱৰ চৰন ব্রাশ, ডাৱৰ ভটিকা হেল্থ চেম্পু, ডাবৰ অলমণ্ড হেয়াৰ অইল, ডাবৰ কোল্ড প্ৰেছড় মাষ্টাৰ অইল ।
প্লাম – প্লাম এড কেডো নাৰ্চিছ আপ হেয়াৰ মাক্স, প্লাম 1.51 ভিটামনি-চি টনাৰ উইথ মোণ্ডাৰিন, প্লাম গ্রীণ টি অইল ফ্রি মইশ্বউৰাইজাৰ, নাম এড কেডো নাৰ্ছি আপ হেয়াৰ মাক্স, প্রাম হেল্ল’ এলয়, জেন্টেল ক্লিনচিং লোচন, প্লাম এচিসমাইড ফ্ৰেচ চিৰাম উইথ ৰাইচ ৱাটাৰ ৷
৯। খালী ঠাঁই পূৰ কৰা :
ক) সৌন্দৰ্য চৰ্চা কৰাটো মানুহৰ ___ অধিকাৰ ।
উত্তৰ : সৌন্দৰ্য চৰ্চা কৰাটো মানুহৰ জন্মগত অধিকাৰ ।
খ) দেখনিয়াৰ হ’লে সামাজিক ___ উন্নত কৰিব পাৰি।
উত্তৰ : দেখনিয়াৰ হ’লে সামাজিক স্থিতিও উন্নত কৰিব পাৰি।
গ) সৌন্দর্য চর্চা বর্তমান যুগত ___ নহয়
উত্তৰ : সৌন্দৰ্য চৰ্চা বর্তমান যুগত বিলাসিতা নহয় ।
১০। বাক্য ৰচনা কৰা: ৰূপ লাবণ্য, বেমাৰ-আজাৰ, কাম-কাজ
উত্তৰ : ৰূপ-লাৱণ্য : সাম্প্রতিক সময়ত আমাৰ দেশত ৰূপ-লাৱণ্যৰ প্ৰতি মানুহ অধিক সচেতন হৈছে আৰু চিন্তা-চৰ্চাও বাঢ়িছে। বেমাৰ-আজাৰ : বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাবলৈ সুখাদ্য খাব লাগে । কাম-কাজ : জীৱনৰ উন্নতি কৰিবলৈ হ’লে কাম-কাজত গুৰুত্ব আৰোপ কৰিব লাগে।
১১। সমার্থক শব্দ লিখা :
হাঁহি, প্ৰিয়, বন্ধু, সুন্দৰ, সহজ
উত্তৰ :
শব্দ সমার্থক শব্দ
হাঁহি হাস্যপ্রকাশ
প্রিয় মৰমৰ
বন্ধু বান্ধৱ
সুন্দৰ ধুনীয়া
সহজ
সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য অতিৰিক্ত প্রশ্নোত্তৰ
১। উত্তৰ দিয়া :
ক) প্রিয়া কোন শ্ৰেণীৰ ছাত্ৰী ?
উত্তৰ : প্রিয়া নৱম শ্ৰেণীৰ ছাত্ৰী।
খ) সৌন্দৰ্য চৰ্চাৰ উপকাৰিতা কি ?
উত্তৰ : সৌন্দৰ্য চৰ্চাই মানুহক নন, শৰীৰ আৰু প্ৰাণৰ বিকাশ সাধন কৰাৰ লগতে আকর্ষণীয় ব্যক্তিত্বৰ অধিকাৰী কৰি তোলাত সহায় কৰে।
গ) জীৱ জগতৰ কোন প্রাণীয়ে কিদৰে নিজৰ ৰূপ-লাৱণ্য সলনি কৰিব পাৰে ?
উত্তৰ : জীৱ জগতৰ কেৱল মানুহে সৌন্দৰ্য চৰ্চাৰে নিজৰ ৰূপ-লাৱণ্য সলনি কৰিব পাৰে।
ঘ) সামাজিক স্থিতি উন্নত কৰাৰ এটি কৌশল কোৱা।
উত্তৰ : সামাজিক স্থিতি উন্নত কৰাৰ এটি কৌশল হ’ল নিজক দেখনিয়াৰ কৰি তোলা।
ঙ) বিউটি চেলুনৰ কাম কি ?
উত্তৰ : বিউটি চেলুনৰ কাম হ’ল ছাল, চুলিৰ যত্ন লোৱা ।