অবাক বিস্ময় | Obak Bismoi Class 10 Assamese Question Answer

অবাক বিস্ময় Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | অবাক বিস্ময় Obak Bismoi Class 10 Assamese Question Answer SEBA

অবাক বিস্ময় পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) ফুলনিখনৰ গৰাকীয়ে ফুলনিখন কাৰ বাবে পাতিছিল?

উত্তৰ : ফুলনিখনৰ গৰাকীয়ে ফুলনিখন তেওঁৰ নিজৰ বাবে পাতিছিল।

(খ) ফুলনিখনৰ গৰাকীৰ কাৰ ওপৰত খং উঠিছিল?

উত্তৰ : ফুলনিখনৰ গৰাকীৰ গাড়ীচালকজনৰ ওপৰত খং উঠিছিল, যিজনে গৰাকীৰ যত্নেৰে পতা ফুলনিখনৰ কেইজোপামান ফুল গছ চেপি গৰাকীৰ মনত বৰ দুখ দিছিল।

(গ) ফুলনিৰ গৰাকীয়ে কালৈ চিঠি লিখিছিল?

উত্তৰ : ফুলনিখনৰ গৰাকীয়ে ফুলগছজুপি অসাৱধানবশতঃ ঘটা দুর্ঘটনাটোৰ বাবে ফুলৰ গৰাকীৰ ওচৰত ক্ষমা নোখোজাকৈ বা কোনো অনুতাপ নকৰাকৈ অভদ্রজনোতিভাৱে গাড়ী লৈ গুচি যোৱা দেখি গাড়ী চালকজনলৈ চিঠি লিখিছিল।

(ঘ) ফুলনিৰ গৰাকীয়ে কেইখন চিঠি লিখিছিল?

উত্তৰ : ফুলনিৰ গৰাকীয়ে দুখন চিঠি লিখিছিল।

(ঙ) মটৰ চালকজনে চিঠিৰ উত্তৰ দিছিল নে?

উত্তৰ : মটৰ চালকজনে চিঠিৰ কোনো উত্তৰ দিয়া নাছিল।

(চ) ফুলনিৰ গৰাকীয়ে চিঠিৰ উত্তৰ নাপাই কি কৰিছিল?

উত্তৰ : ফুলনিৰ গৰাকীয়ে চিঠিৰ উত্তৰ নাপাই চালকজনৰ ঘৰ ওলাইছিলগৈ।

(ছ) ফুলনিৰ গৰাকীজন প্ৰকৃততে কোন বাৰু?

উত্তৰ : ফুলনিৰ গৰাকীজন প্ৰকৃততে বিংশ শতিকাৰ ইংৰাজী সাহিত্যৰ চিন্তাশীল লেখক তথা নাট্যকাৰ জৰ্জ বার্ণাড শ্ব।

(জ) প্ৰেমধৰ দত্তই ৰচনা কৰা দুখন কিতাপৰ নাম লিখা।

উত্তৰ : প্ৰেমধৰ দত্তই ৰচনা কৰা দুখন গ্ৰন্থ হ’ল— শিয়ালৰ শিং, ৰং- বিৰং।

২। উত্তৰ লিখা :

(ক) ‘এই ধুনীয়া ফুলনিখনকে কেন্দ্ৰ কৰি এদিন এটা ঘটনা ঘটিল।’— ঘটনাটো কি আছিল তোমাৰ কথাৰে বৰ্ণনা কৰা

উত্তৰ : ধুনীয়া ফুলনিখনক কেন্দ্ৰ কৰি ঘটা ঘটনাটো আছিল এনে ধৰণৰ : এদিন বিয়লি পৰত এখন মটৰ গাড়ী বেগেৰে আহি ফুলনি এখনৰ ওচৰত ৰ’লহি। আলিবাট আৰু ফুলনিখনৰ মাজৰ পাৰ্থক্য মাথো এখন জেওৰা মাথো । চালকজনে গাড়ীখন ঘূৰাওঁতে কেইজোপামান ফুলগছ চেপিলে। ফুলনিৰ গৰাকীয়ে ঘৰৰ বাৰাণ্ডাত থিয় দি এই সমস্ত ঘটনা চাই আছিল। ফুলগছ কেইজোপা চেপা বাবে তেওঁৰ হৃদয়ত বৰ যন্ত্ৰণা অনুভৱ কৰিছিল যদিও তেওঁ ভাবিছিল যে চালকজনে নিশ্চয় অসাৱধানতাবশতঃ ঘটা দুর্ঘটনাটোৰ বাবে তেওঁৰ ওচৰত অনুতপ্ত হৈ ক্ষমা খুজিবহি। কিন্তু চালকজনে ক্ষমা খোজা দূৰৰ কথা, বৰঞ্চ তেওঁ গাড়ীৰপৰা ননমাকৈয়ে কো কোৱাই গাড়ী চলাই দিলে। তাকে দেখি ফুলৰ গৰাকীজন অধৈৰ্য হৈ মটৰৰ ওচৰলৈ আগবাঢ়িল যদিও তেওঁ মটৰগাড়ীৰ ওচৰ পোৱাৰ আগতে চালকজনে গাড়ী চলাই লৈ গৈ ঠাইখনৰ পৰা উধাও হ’ল।

(খ) ফুলনিৰ গৰাকীয়ে মটৰ চালকলৈ কিয় চিঠি লিখিছিল? চিঠিত তেওঁ কি কথা লিখিছিল?

উত্তৰ : ফুলনিৰ গৰকীয়ে চালকজনক চিনি পাইছিল আৰু তেওঁলৈ ফুলকেইজোপা চেপি থৈ যোৱা বাবদ ক্ষতিপূৰণ বিচাৰি এখন চিঠি লিখিছিল। চিঠিত তেওঁ আন প্ৰাসংগিক কথাৰ লগতে এই কথাও লিখিছিল যে কালি তেওঁ লেখকৰ ঘৰৰ ওচৰত গাড়ী ঘূৰাওঁতে তেওঁৰ ফুলনিৰ কেইবাজোপাও ফুল চেপি থৈ গৈছে। গতিকে ফুলকেইজোপাৰ ক্ষতিপূৰ্ণ হিচাপে 20 পাউণ্ড এই চিঠি পোৱাৰ লগে লগে গৰাকীলৈ পঠিয়াই দিবলৈ চিঠিত উল্লেখ কৰা হৈছিল।

(গ) মটৰ চালকে চিঠিবোৰ কি কৰিছিল?

উত্তৰ : মটৰ চালকজনে চিঠিবোৰ বিক্ৰী কৰিছিল।

৩। অবাক বিস্ময় গল্পটোৰ কথাখিনি তোমাৰ কথাৰে চমুকৈ লিখা।

উত্তৰ : ৰাস্তাৰ কাষতে এখন মনোৰম ফুলনিয়ে অনবৰতে বাটৰুৱাক বৰকৈ আকৰ্ষণ কৰিছিল। বাটৰুৱাই ৰ লাগি ফুলনিখনলৈ চাই বৰ আনন্দ লভিছিল। ফুলনিখনৰ গৰাকীৰ বাবে তাত থকা প্ৰতিজোপা গছৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্কই গঢ় লৈ উঠিছিল। তেওঁ প্ৰতিজোপা গছৰে যত্ন লৈ ফুলনিখন বৰ মনোৰমকৈ গঢ়ি তুলিছিল।

এদিন এটা ঘটনা ঘটিল। ঘটনাটো আনৰ বাবে সাধাৰণ হ’লেও ফুলনিখনৰ গৰাকীৰ বাবে ঘটনাটো আছিল বৰ মৰ্মান্তিক। ঘটনাটোৱে ফুলনিৰ গৰাকীক বৰ মানসিক অশান্তি দিছিল। এদিন আবেলি এজন গাড়ী চালকে ফুলনিৰ কাষৰ ৰাস্তাৰ ওপৰত গাড়ীখন ৰাখিছিল। ৰাস্তাৰ গাড়ীখন আৰু ফুলনিৰ মাজৰ ব্যৱধান ৰূপে থিয় হৈ আছিল মাথোঁ এখন জেওৰা। মটৰ চালকে গাড়ীখন ঘূৰাওঁতে কেইজোপামান ফুলগছ চেপিলে আৰু জেওৰাখনো ভাঙিলে। ফুলনিৰ গৰাকীয়ে বাৰাণ্ডাত থিয় হৈ থাকি সমস্ত ঘটনাটো বৰ কষ্টৰে ধৈর্য ধৰি চাই আছিল। তেওঁ আশা কৰিছিল চালকজনে ঘটনাটোৰ বাবে তেওঁৰ সন্মুখত অনুতপ্ত হৈ ক্ষমা খুজিব। কিন্তু চালকজনে ক্ষমা খোজা দূৰৰ কথা মটৰৰ পৰা ননমাকৈয়ে গাড়ীখন লৈ তাৰ পৰা উধাও হ’ল। চালকজনৰ অশিষ্ট ব্যৱহাৰে ফুলনিৰ গৰাকীৰ মনোকষ্ট আৰু বঢ়াই তুলিছিল। তেওঁ ইতিমধ্যে গাড়ী চালকজনক চিনি পাইছিল।

ফুলনিৰ গৰাকীয়ে চালকজনৰ অতপালি দেখি সেইদিনাৰ ঘটনাটোৰ বিৱৰণ দি চালকজনলৈ এখন চিঠি লিখিলে আৰু চিঠিখনত ফুলকেইজোপা অনিষ্ট কৰা বাবদ চালকজনৰ পৰা ক্ষতিপূৰ্ণ হিচাপে 20 পাউণ্ড চিঠি পোৱাৰ লগে লগে পঠিয়াই দিবলৈ জনাই দিলে। এদিন দুদিনকৈ তিনিদিন গ’ল। ক্ষতিপূৰণৰ কথাই নাই, ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰা চিঠি এখনো ফুলনিৰ গৰাকীলৈ নাহিল। ফুলনিৰ গৰাকী অতিষ্ঠ হৈ উঠিল আৰু তেওঁ কঢ়া ভাষাত দ্বিতীয়খন চিঠি চালকজনৰ নামত লিখি পঠিয়ালে। কিন্তু এই চিঠিয়েও কোনো কাম নিদিলে। শেষত ফুলনিৰ গৰাকীয়ে নিজেই চালকজনৰ ঘৰত এদিন উপস্থিত হ’ল। ফুলনিৰ গৰাকীক আদৰ সাদৰ কৰি চালকজনে ঘৰলৈ মাতি নিলে।

চালকজনক মানুহজনে অগ্নিবর্ষী ভাষাৰে তেওঁৰ অভদ্ৰ ব্যৱহাৰ আৰু দুয়োখন চিঠিৰ উত্তৰ নিদিয়া বাবে ভর্ৎসনা কৰিলে। কিন্তু চালকজন গালি খায়ো নিৰ্বিকাৰ হৈ থাকি মাথোঁ নম্ৰভাৱে ফুলনিৰ গৰাকীলৈ চাই ক’লে যে তেওঁ কষ্টৰে ইয়ালৈ অহাতকৈ চিঠি এখন লিখা হ’লেই মই প্ৰথম চিঠি বিক্ৰী কৰি পোৱা পাঁচ পাউণ্ড, দ্বিতীয় চিঠি বিক্ৰী কৰি পোৱা 10 পাউণ্ড আৰু তৃতীয় চিঠিখন পালেই মই আপোনাৰ ক্ষতিপূৰণ সুতে-মূলে ঘৰতে দি আহিলোঁহেঁতেন বুলি ক’লে। মানুহজনৰ কথা শুনি ফুলনিৰ গৰাকী অবাক হ’ল। তেওঁ এই বাবেই অবাক হ’ল যে এসময়ত তেওঁ লিখা কিতাপো বজাৰত বিক্ৰী হোৱা নাছিল। তেতিয়া মানুহে তেওঁক নাজানিছিল। সেয়ে তেওঁ গ্ৰাহকৰ ৰূপ ধৰি নিজ গ্ৰন্থৰ গুণ সেই সময়ত নিজেই বখানি পঢ়োতাক নিজৰ গ্ৰন্থৰ বিষয়ে জনাইছিল এতিয়া তেওঁৰ চিঠিও বিক্রী হয়।

এই ফুলনিৰ গৰাকীজনাই আছিল বিখ্যাত সাহিত্যিক তথা নাট্যকাৰ জৰ্জ বার্ণাড শ্ব। এবাৰ এজন লোকে তেওঁক সুধিলে, আপুনি ফুল বৰ ভাল পায় বুলি জানোঁ, কিন্তু আপোনাৰ দ্ৰয়িং ৰুমত দেখো এপাহো ফুল নাই। এই প্ৰশ্নৰ উত্তৰত বাৰ্ণাড শ্বই জনালে যে তেওঁ ফুল ভাল পোৱাটো সঁচা, কিন্তু ফুল ভাল পোৱা বুলিয়ে জানো ফুলবোৰ কাটি আনি ড্রয়িং ৰুমত সজাই থ’ব পাৰি। প্রশ্নকর্তা নিমাত হৈ ৰ’ল।

Leave a Comment