অসমী আই প্রশ্নোত্তৰ | Axomi Aai Class 10 Assamese Question Answer

অসমী আই কবিতা Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | SEBA Axomi Aai Class 10 Assamese Question Answer | অসমী আই প্রশ্নোত্তৰ দশম শ্ৰেণী

অসমী আই পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) ‘অসমী আই’ কবিতাটোৰ কবিৰ নাম কি ?

উত্তৰ : ‘অসমী আই’ কবিতাটোৰ কবিৰ নাম কমলানন্দ ভট্টাচার্য।

(খ) ‘বাউলী কবি’ বুলি কাক জনা যায় ?

উত্তৰ : ‘বাউলী কবি’ বুলিলে কবি কমলানন্দ ভট্টাচাৰ্যক জনা যায়।

(গ) পর্বতে-ভৈয়ামে অসমীৰ সন্তানে কি গায় ?

উত্তৰ : পৰ্বতে-ভৈয়ামে অসমীৰ সন্তানে অসমী আইক ধিয়াই আইৰে গুণ গায়।

(ঘ) কবিয়ে কাক সহোদৰ ভাই বুলিছে?

উত্তৰ : কবিয়ে বৃহত্তৰ অসমত জন্মলাভ কৰা মণিপুৰী, অকা, ভোট, দফলা, লুচাই, আবৰ, মিচিমি, নগা, কোচ, কছাৰী, টাই, খামটি, খাছীয়া, গাৰো, আদিক সহোদৰ ভাই বুলি কৈছে।

(ঙ) ‘অসমী আইৰ মুখ চাই কবিয়ে কি উৰাব বিচাৰে ?

উত্তৰ : কবিয়ে ‘অসমী আইৰ মুখ চাই ‘অসমী আইৰে পতাকা উৰাবলৈ বিচাৰিছে।

(চ) ‘অসমী আই’ কিহেৰে ধন্যা ?

উত্তৰ : ‘অসমী আই ধনে-ধানে ধন্যা বুলি কবিয়ে কৈছে।

২। অসমী আই কবিতাটোৰ মূলভাব তোমাৰ নিজৰ কথাৰে লিখা৷

উত্তৰ : স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অসীম ভালপোৱাই কবিতাটোৰ ঘাই উপজীৱ্য। ‘অসমী আই’ বুলি কবিয়ে জননী জন্মভূমিৰে গুণানুকীৰ্ত্তন কৰিছে। কবিৰ ওপজা ঠাই অসমী আই ধনে-ধানে পৰিপূৰ্ণ। এই ঠাই কবিৰ মতে দেঢ়ৰো দুৰ্লভ ঠাই। সেই বাবেই কবিয়ে মৃত্যুৰ পাছতো বাৰে বাৰে এই ঠাইতে পুনৰ জনম লভিবলৈ বাঞ্ছা কৰাৰ মাজেদি কবিৰ জননী জন্মভূমিৰ প্ৰতি থকা আন্তৰিক অনুৰাগেই স্বতঃস্ফূৰ্তভাৱে কবিতাটোত মূৰ্তমান ৰূপত প্ৰকাশ পাইছে। অসমৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বিবিধ জাতি- উপজাতিৰ সংমিশ্ৰণেৰে বৰ্ণাঢ্য সংস্কৃতি তথা জনগাঁথনিয়ে কবিৰ সমাজ জীৱন জীপাল কৰি তুলিছে। এনে বৈচিত্র্যপূর্ণ জীৱনধাাই জননী জন্মভূমিৰ প্ৰতি তেওঁৰ অনুৰাগ ইমানেই বঢ়াই তুলিছে যে তেওঁ এই ঠাই এৰি যোৱাৰ কথা ভাবিব নোৱাৰি মৃত্যুৰ পাছতো এই ঠাইতে পুনৰ জনম ধৰিবলৈ দুৰন্ত হেঁপাহৰ কথা অকুণ্ঠচিত্তে কবিতাটোত ব্যক্ত কৰিছে।

৩। কমলানন্দ ভট্টাচাৰ্যই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।

উত্তৰ : কমলানন্দ ভট্টাচাৰ্যই ৰচনা কৰা দুখন নাটক হ’ল— নগাক্রোৱৰ, চিত্রাংগদা।

৪। কবিয়ে মৰি মৰি ‘অসমী আইৰ মুখত কিয় দুনাই জন্ম ল’ব খোজে?

উত্তৰ : কবিয়ে ‘অসমী আইৰ ধনে-ধানে ধন্যা হোৱা ঠাইখনৰ চৌপাশত প্ৰকৃতিৰ শ্যামলী আভৰণে অসমী আইক এনে বর্ণাঢ্য ৰূপত গছ-বন-নৈ- নিজৰা-নানা বৰণীয়া ফুল-পাতেৰে সজাই তুলিছে যে ‘অসমী আই দেৱৰো দুৰ্লভ স্থান হৈ পৰিছে। সেয়েহে হিন্দু ধৰ্মৰ পুনৰ্জন্মত বিস্বাসী কবিয়ে মৰি মৰি হ’লেও এই অপৰূপ অসমৰ বুকুতে পুনৰ জন্ম লভিবলৈ বাঞ্ছা কৰিছে।

5. কাৰোতো বুকুত ____ হোৱা নাই

সোণফলা __ তোৰ মুখ চাই,

তোৰ মুখ চাই _ উৰাই

মৰি মৰি পাওঁ যেন __

উত্তৰ : কাৰোতো বুকুত তেজ কম হোৱা নাই

সোণফলা মাটি তোৰ মুখ চাই

তোৰ মুখ চাই তোৰ পতাকা উৰাই

মৰি মৰি পাওঁ যেন জনম দুনাই।

৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) পর্বতে-ভৈয়ামে তোৰ সন্তানে গায়

অসম তোৰেই গুণ, তোকেই ধিয়াই,

তোকেই থিয়াই মোৰ শ্যামলী আই

গছে-বনে নৈয়ে ফুলে নাচ নচুৱায়।

উত্তৰ : ওপৰোক্ত ভরকটি ‘বাউলী কবি’ কমলানন্দ ভট্টাচার্য ৰচিত ‘অসমী আই’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

স্তৱকটিৰ মাজেদি কবিয়ে অসমী আইৰ গুণ-গৰিমা আৰু অপৰূপ ৰূপ- লাবণ্যৰ কথাকে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে।

কবিৰ মতে, অসমী আইৰ বুকুত পৰ্বত-ভৈয়ামৰ নানা জাতি-উপজাতিৰ লোকে ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খাই সহোদৰ ভাইৰ দৰে মিলা-প্ৰীতিৰে বাস কৰে। সকলোৱে অসমী আইৰ গুণ-গৰিমা, ৰূপ-লাৱণ্যৰ কথা সমস্বৰে গুণ- গান কৰে। সেউজ আভৰণেৰে শ্যামলী ৰূপত উদ্ভাসিত হৈ উঠা আই অসমীৰ বুকুত নানা গছ-বিৰিখ, ফুল-লতাই শোভা কৰি সকলোৰে প্ৰাণ জুৰায়। এনে মনোবন ঠাই এখনত জন্মগ্ৰহণ কৰি সকলোৱে নিজৰ জীৱন সাৰ্থক হোৱা বুলি অনুভৱ কৰে আৰু জন্ম স্থানক লৈ গৌৰৱান্বিত হয়।

স্তৱকটিৰ মাজেদি করিয়ে অসমী আইৰ বিপুল সৌন্দৰ্যৰ কথাকে প্রকাশ কৰি সকলোৰে প্ৰাণৰ কথা ব্যক্ত কৰিছে আৰু অসমী আইক মাতৃ হিচাপে পাই সন্তান হিচাপে মাতৃভূমিৰ বন্দনা কৰি নিজৰ কৃতজ্ঞতা প্রকাশ কৰিছে।

(খ) ধনে ধানে ধন্যা অসমী আই

দেৱৰো দুৰ্লভ মোৰ ওপজা ঠাই;

ওপজা ঠাই মোৰ ওপজা ঠাই

মৰি মৰি পাওঁ যেন জন্ম দুনাই।

উত্তৰ : ওপৰত তুলি দিয়া কবিতাৰ শাৰীকেইটা ‘বাউলী কবি’ হিচাপে খ্যাত কমলানন্দ ভট্টাচাৰ্য ৰচিত ‘অসমী আই’ কবিতাটোৰ পৰা লোৱা হৈছে।

উদ্ধৃত কবিতাৰ স্তৱকটিৰ মাজেদি বাউলী কবিয়ে নিজৰ মাতৃভূমিৰ মহিমামণ্ডিত ৰূপ এটিকে পাঠকৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

কবিৰ মতে, অসমী আই ধন-সম্পদেৰে পৰিপূৰ্ণ। অসমী আইৰ বুকুত কোনো বস্তুৰ অভাৱ নাই। কবিৰ ধাৰণা, অসমী আইক প্রকৃতিয়ে অকৃপণ হাতেৰে সকলো সা-সম্পদেৰে পৰম ঐশ্বর্যশালী ৰূপত স্ৰজন কৰিছে। অসমী আইৰ ঐশ্বৰ্য আৰু প্ৰাকৃতিক সম্ভাৰে আইক দেৱদুৰ্লভ স্থানৰ সুযোগ্য কৰি তুলিছে। সেয়ে এনে ঠাই এখনক ওপজা জন্মভূমি হিচাপে পাই মাতৃৰ গৌৰৱেৰে কবিও গৌৰৱান্বিত হোৱাৰ সুযোগ লাভ কৰিছে আৰু ইয়াৰ বাবে আই মাতৃলৈ কবিয়ে স্তৱকটিৰ মাজেদি তেওঁৰ অব্যক্ত কৃতজ্ঞতাৰ ভাব প্ৰকাশ কৰাৰ চেষ্টা কৰিছে। সেয়ে ইহ জনমত কবিৰ মৃত্যু হ’লেও সনাতন হিন্দু ধৰ্মৰ বিশ্বাস মতে কবিৰ পুনৰ জন্ম হ’ব আৰু পুনৰ জন্ম হ’লে কবিয়ে এই অসম মাতৃৰ বুকুতে জন্মলাভ কৰাৰ হাবিয়াস কবিতাৰ স্তৱকটিত বাৰে বাৰে উল্লেখ কৰিছে।

স্তৱকটিত কবিৰ স্বদেশ-প্ৰীতিৰ ভাব মনোৰম ৰূপত উদ্ভাসি উঠিছে।

৭। কবিতাটোৰ মাজেদি কবিৰ স্বদেশ-প্রেম কেনেদৰে প্ৰকাশ পাইছে পাঠৰ আলমত বুজাই লিখা

উত্তৰ : উল্লিখিত ‘অসমী আই কবিতাটো এটা স্বদেশপ্রেমমূলক বা দেশপ্রেমমূলক কবিতা। স্বদেশ প্রীতিৰ অনুভৱেই কবিতাটোৰ ঘাই বিষয়বস্তু! নিজৰ জন্মদায়িনী মাতৃক কবিয়ে যিদৰে ভাল পায় ঠিক একেদৰে নিজৰ ওপজা ঠাইখনো কবিৰ মানস পটত জন্মদায়িনী মাতৃৰ তুল্য। সেয়ে ওপজা ঠাইখনকো কবিয়ে মাতৃৰ দৰে মনে-প্রাণে ভাল পায় আৰু শ্ৰদ্ধা কৰে।

কবির মতে, ধনে-ধানে প্রাকৃতিক সম্পদেৰে ঐশ্বর্যশালী অসমী আইক প্রকৃতিয়ে অকৃপণ হাতেৰে বিলাই দিছে সকলো ঐশ্বর্য-বৈভৱ। অসমত কোনো বস্তুৰে অভাৱ নাই। ঐশ্বর্য সম্ভাৰৰ লগে লগে প্রকৃতিয়েও অসমী আইক প্রাকৃতিক সম্পদেৰে অপূৰ্ব ৰূপত ৰূপহী ৰূপে সজাই তুলিছে। ইয়াত মণিপুৰী, অকা, ভোট, দফলা, লুচাই, আবৰ, মিচিমি, নগা, কোচ, কছাৰী, টাই, খামটি, খাচীয়া, গাৰো আদি বিভিন্ন জাতি-উপজাতিৰ বৃহত্তম অসমী আইৰ সন্তানসকলে পৰস্পৰৰ মাজত কোনো ভিন-পৰ ভাব নাৰাখি সহোদৰ ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই অসমী মাতৃৰ যশ গুণ গাই নিজকে ধন্য মানিছে। অসমী আইৰ সন্মান ৰক্ষাৰ্থে সন্তানে অনেক ৰক্তক্ষয়ী সংগ্ৰামত অৱতীৰ্ণ হৈয়ো আই মাতৃৰ সন্মান অক্ষুণ্ণ ৰখাত কোনো দিন এই দেশৰ সন্তান পৰাম্মুখ হোৱা নাই। অসমী আই ধন-ধান যেনে ঐশ্বর্যশালী ঠিক তেনেদৰে প্ৰাকৃতিক শোভাৰ দিশতো বিনন্দীয়া ৰূপৰ অধিকাৰী। সেয়ে অসমী আই হৈ উঠিছে দেৱৰো দুৰ্লভ স্থান। এনে এখন ঠাইত ওপজি কবিয়ে নিজকে ধন্য মানিছে আৰু হিন্দু ধৰ্মৰ পুনৰ জন্ম বিশ্বাসমতে কবিয়ে মৃত্যুৰ পিছত পুনৰ তেওঁ এই ভূমিতে জন্মগ্ৰহণৰ হাবিয়াস কৰিছে। কবিতাটোৰ চাৰিওটা স্তৱকৰ প্ৰত্যেকটো স্তৱকতে কবিৰ দেশপ্ৰেমৰ প্রাণস্পর্শী অনুভূতি স্পষ্ট ৰূপত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে।

৮। কবি কমলানন্দ ভট্টাচাৰ্যৰ চমু পৰিচয় দিয়া ।

উত্তৰ : নগাঁৱৰ কবি কমলানন্দ ভট্টাচাৰ্যৰ 1894 চনত জন্ম হয়। পিতৃ মহদানন্দ ভট্টাচাৰ্য আৰু মাতৃ ৰত্নেশ্বৰী দেৱী। নগাঁও আৰু কলিকতাত শিক্ষা গ্ৰহণ কৰি শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। প্ৰায় 7 বছৰ শিক্ষকতা কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে আৰু কেইবাবাৰো স্বাধীনতা সংগ্রামী হিচাপে কাৰাবাস খাটিবলগা হয়। তেওঁ একেধাৰে সাহিত্য-সংস্কৃতিৰ জগতখনতো বিচৰণ কৰি নিজকে এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ হিচাপও সমাজত পৰিচিত হয়। তেওঁৰ দ্বাৰা ৰচিত নাট হ’ল— চিত্ৰাংগদা, নগা কোঁৱৰ আৰু সমাপন। ‘বাউলী’ পুথিখনে তেওঁক ‘বাউলী কবি’ হিচাপে খ্যাতিমান কৰি তোলে। এইগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, শিক্ষাবিদ আৰু স্বাধীনতা সংগ্ৰামীৰ 1951 চনত মৃত্যু হয়।

ভাষা বিষয়ক :

১। বাক্য ৰচনা কৰা ।

জনম, গছে-বনে, বুকুৰ তেজ, ভিন-পৰ।

উত্তৰ : জনম : মাতৃভূমিৰ প্ৰতি সেৱা আগবঢ়োৱাটোৱেই পৃথিৱীত

গছে-বনে : বসন্ত কালত অসমৰ পাহাৰে-ভৈয়ামে গছে-বনে প্রাকৃতিক শোভাই বিনন্দীয়া ৰূপ ল’বলৈ ধৰে।

বুকুৰ তেজ : আৱশ্যকবোধে বুকুৰ তেজ দিয়ো সৈন্যসকলে দেশমাতৃক ৰক্ষা কৰাৰ চেষ্টা কৰে।

ভিন-পৰ : উদাৰ হৃদয়ৰ লোকে কোনো লোকক ভিন-পৰ বুলি নাভাবি সকলোৰে প্ৰতি সম ব্যৱহাৰ কৰে।

২। বিপৰীতার্থক শব্দ লিখা : দুর্লভ, জনম, পর্বত, গুণ

উত্তৰ : দুর্লভ – সুলভ

জনম – মৰণ

পর্বত – ভৈয়াম, সমতল

গুণ – নিগুৰ্ণ

৩। সমার্থক শব্দ লিখা :

ধন, দেৱ, ভৈয়াম, শ্যামল, গছ, বন, নৈ, ফুল, ভাই, বুকু, তেজ, পতাকা।

উত্তৰ :

শব্দ           সমার্থক শব্দ

ধন   –     সম্পদ, ঐশ্বর্য

দেৱ  –  দেৱতা

ভৈয়াম  –  সমতল

শ্যামল  –  সেউজীয়া

গছ  –  বৃক্ষ

বন  –  হাবি, অৰণ্য, তৃণ, ঘাঁহ

নৈ  –  নদী, তটিনী, সৰিৎ

ফুল   –  পুষ্প

ভাই   –  ভাতৃ

বুকু    –  বক্ষ

তেজ   –   ৰুধিব, ৰক্ত

নিচান   –  পতাকা

৪। লিংগ পৰিৱৰ্তন কৰা :

আই, ভাই, তাৱৈ, শহুৰ, ককাইদেউ, জী, দাৰা

উত্তৰ :

লিংগ    বিপৰীত লিংগ

আই  – বোপাই

ভাই  – ভনী

তাৱৈ –  আমে

শহুৰ –  শাহু

ককাইদেউ – বৌ-দেউ

জী – পো

দৰা – কইনা

৫। এটা শব্দত প্ৰকাশ কৰা :

(ক) যাক সহজে পোৱা যায় ৷

উত্তৰ : সহজলভ্য, সুলভ।

(খ) একে মাকৰ সন্তান ।

উত্তৰ : সহোদৰ, সদোৰ ৷

(গ) একে গুৰুৰ শিষ্য।

উত্তৰ : হৰিভকত, সতীর্থ।

(ঘ) যি গুণীৰ গুণ লয়।

উত্তৰ : গুণগ্রাহী।

Leave a Comment